Watch | Attack on the journalist who went to collect news: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ দুর্বৃত্তৰ
নিউজ ডেস্ক: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ দুর্বৃত্তৰ।
ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত চিমেন চাপৰি চিচি টাঙানিত উন্নয়ন খণ্ডত অন্তৰ্গত ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন ও শপত গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতাতেই চিলাপথাৰৰ বিশেষ চেনেলৰ সাংবাদিক মাধুৰ্য শইকীয়াই বাতৰি পৰিৱেশনৰ বাবে উক্ত স্থানত উপস্থিত হয়।
উপস্থিত হোৱা মাত্ৰকে TMPKৰ কেন্দ্রীয় সভাপতিৰ নিৰ্দেশতে
২০-৩৫ জনীয়া এটা দলে চিলাপথাৰত সাংবাদিক গৰাকীক কোনো ধৰণৰ সোধা-পোচা নকৰাকৈ আহি মোৰ মূৰত পাচফালৰ পৰা দুৰ্বৃত্তৰ দলটোৱে লাঠি জুং লৈ চোকা অস্ত্রৰে আক্ৰমণ কৰে।
ফলত সাংবাদিক গৰাকী ডিব্ৰুগড় শংকৰ দেৱ হস্পিটেলত চিকিৎসাধীন হৈ আছে।