Watch | Sivasagar news: ডিমৌ-নিতাইপুখুৰী পথত দুৰ্বৃত্তই ডাক কৰ্মচাৰীৰ পৰা ১০ লাখ টকা লুটি নিয়া সন্দৰ্ভত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল
শিৱসাগৰ: বৃহস্পতিবাৰে ডিমৌ-নিতাইপুখুৰী পথত দুৰ্বৃত্তই ডাক কৰ্মচাৰীৰ পৰা ১০ লাখ টকা লুটি নিয়া সন্দৰ্ভত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল বহু কথা সদৰি কৰে।
সংবাদমেল সম্বোধন অতিৰিক্ত কৰে আৰক্ষী অধীক্ষক মইদুল ইছলামে । শিৱসাগৰ আাক্ষীৰ সংবাদমেলত কয় যে- ‘চি চি কেমেৰাৰ দৃশ্য চাই অভিযান চলাই আছে আৰক্ষীয়ে। ডকাইতি কাণ্ডটোত চাৰি গৰাকী লোক জড়িত হৈ আছে।
তুলতুল দুৱৰী , মিন্টু চেতিয়া, নিৰ্মল শইকীয়া আৰু বিকি নামৰ ব্যক্তি জড়িত ।
সংবাদমেলত এই তথ্য সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে লগতে জানিবলৈ দিয়ে।
ইয়াৰে নিৰ্মল শইকীয়া শিমলুগুৰি ডাকঘৰৰ কৰ্মচাৰী। ডকাইতিৰে জড়িত তুলতুল দুৱৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। বৰ্তমানেও পলাতক বাকী তিনিজন ।
লক্ষ্যণীয় যে বৃহস্পতিবাৰে দুপৰীয়া শিৱসাগৰ ডাকঘৰৰ পৰা নিতাইপুখুৰী ডাকঘৰলৈ বুলি ডাক কৰ্মচাৰী বিপুল দত্তই কঢ়িয়াই নিছিল ১০ লাখ টকা। কঢ়িয়াই নিওঁতেই ডিমৌ ৰাইছাইত ডাক কৰ্মচাৰী বিপুল দত্তৰ পৰা লুটিছিল ধনখিনি। তুলতুল দুৱৰী আৰু মিন্টু চেতিয়াই ক’লা ৰঙৰ পালচাৰ বাইক লৈ আগভেটি ধৰিছিল ডাক কৰ্মচাৰী বিপুল দত্তক । তাৰ পিছতে শাৰীৰিকভাৱে প্ৰহাৰ কৰি ধন খিনি লুটিছিল ডকাইতৰ দলটোৱে ।
সংবাদমেলত এই চাঞ্চল্যকৰ বৰ্ণনা দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ময়িদুল ইছলামে । তুলতুল দুৱৰীক যোৱা নিশা আৰক্ষীয়ে শিৱসাগৰ জয়াপাৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিমৌ থানাত 45/2025 নং গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ 126(2), 117(2), 304(2), 309(6) অধীনত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Watch | Biswanath news: বিশ্বনাথ নগৰত চিপিআই(এম) বিশ্বনাথ জিলা কমিটিৰ বিক্ষোভ কার্যসূচী