Local, Vocal, Global

Watch | Biswanath news: দুলীয়াজানৰ মাজমজিয়াৰ এখন বিশেষ দলঙে পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক

দুলীয়াজান: দুলীয়াজানৰ মাজমজিয়াৰ এখন বিশেষ দলং । দুলীয়াজানৰ নতুন ক’লনী গাঁৱৰ দলঙখনৰ এটা অংশ ভাঙি যোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজে দলঙখন নিৰ্মাণৰ বাবে অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে অইল ইণ্ডিয়া লিমিটেডৰ মূল নলাটোৰ পৰিৱেশ দেখিলে আপুনিও আচৰিত হ’ব । চহৰখনৰ পানী ওলাই যোৱা একমাত্ৰ নলাটোৰ প্ৰদূষিত পানী বুঢ়ীদিহিং নৈত পৰিছে।

ইফালে উক্ত দলঙেদি বিপদ সংকুলভাৱে চাইকেল আৰু বাইক অহা যোৱা কৰিছে যদিও লঘু বাহনৰ চলাচল বন্ধ হৈ আছে । এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।