Local, Vocal, Global

Watch | Biswanath news: বিশ্বনাথৰ পৰা প্ৰায় ৮০ হাজাৰ টকাৰ মূল্যৰ কাঁহৰ সামগ্ৰী সহ এজন চোৰক আটক আৰক্ষীৰ

বিশ্বনাথ : বিশ্বনাথত উদ্ধাৰ বৃহৎ পৰিমানৰ কাঁহৰ চুৰি সামগ্ৰী। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এক আৰক্ষীৰ অভিযান। এই অভিযানত আৰক্ষীৰ বৃহৎ সাফল্য। বিশ্বনাথৰ মধুপুৰৰ পৰা প্ৰায় ৮০ হাজাৰ টকাৰ মূল্যৰ কাঁহৰ সামগ্ৰী সহ এজন চোৰক আটক কৰে আৰক্ষীৰ। আটক হোৱা চোৰটোৰ নাম সঞ্জীৱ বাছোৱাৰ। বিভিন্ন সময়ত বিশ্বনাথৰ বিভিন্ন স্হানৰ পৰা চুৰি কৰি সামগ্ৰীখিনি জমা কৰি ৰাখিছিল সঞ্জীৱে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Watch | Bokajan news: অসম নাগালেণ্ড সীমান্তৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ কানি জব্দ