Local, Vocal, Global

WATCH | Tragic incident : গৰু‌‌ আনিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী বৃদ্ধই

দুধনৈ,২জুলাই : নবাগত শিমলীতোলাত অঘটন। পানীত পৰি সলিল সমাধি এগৰাকী বৃদ্ধৰ।

ঘটনাৰ বিৱৰণি অনুসৰি, পূব গোৱালপাৰা সমষ্টিৰ নবাগত শিমলীতোলা গাওঁৰ শহমান আলী নামৰ প্ৰায় ৬০ বছৰীয়া এগৰাকী বৃদ্ধ পথাৰৰ পৰা গৰু অনিবলৈ গৈছিল। ওচৰতে থকা জলজলী নদীৰ এটা সুঁতি সাতুৰি পাৰ হ’ব লওতে পানীৰ মাজত সন্ধানহীন পৰে। ব্যক্তি গৰাকীক স্থানীয় কেইবাগৰাকী ব্যক্তিয়ে জীৱন্তে উদ্ধাৰ কৰাৰ বাবে আপ্ৰান চেষ্টা চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল। অৱশেষত ৰাইজে টুলুঙা নাওৰে মৃতদেহ উদ্ধাৰ কৰে(Tragic incident)।

ঘটনাস্থলীত নবাগত শিমলীতোলা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Goalpara News : আশুডুবিৰ উচ্ছেদৰ আতংকত মনিৰুল শেখৰ আত্মহত্যা