Local, Vocal, Global

WATCH | Barpeta News : বৰপেটা জিলাৰ ৮ বছৰীয়া শিশুৰ অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক আটক

বৰপেটা,২জুলাই : বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁওৰ এগৰাকী ৮ বছৰীয়া শিশু অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে।

সোমবাৰে নিশা প্ৰায় ১ বজাত কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ছুলেমান আলী, মাজিদুল আলী আৰু শ্বহিদুল আলীক আটক কৰি থানালৈ লৈ যায়। ধৃত তিনি অপহৰণকাৰীক জেৰা অব্যাহত ৰাখিছে কাছুমাৰা আৰক্ষীয়ে(Barpeta News)।

উল্লেখ্য যে, যোৱা ২৯ জুনত গাঁওখনৰ ৰবিউল হুছেইনৰ ৮ বছৰীয়া কন্যা শিশু ৰহিমা খাতুনক অপহৰণ কৰি মুক্তিপণ হিচাপে ১ লাখ টকা দাবী কৰি এখন পত্ৰ দিছিল পৰিয়ালটোক। ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চাঞ্চল্য।

লগতে পঢ়ক :WATCH | Dergaon News : দেৰগাঁৱৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ নেতৃত্বত বিনামূলীয়া চকু পৰীক্ষা