WATCH | Goalpara News : গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড

গোৱালপাৰা,১জুলাই : গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড ৷ চলিত বৰ্ষতে দুবাৰকৈ বিদ্যালয়খনত হয় চুৰিকাণ্ড ৷ চোৰে লৈ গ’ল বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ তথ্যপাতি থকা কম্পিউটাৰ চেট ৷
বিদ্যালয়ৰ পিছফালৰ খিৰিকীৰে চোৰ সোমাই বাৰাণ্ডাত সংস্থাপিত চিচি টিভি ওপৰমুৱা কৈ ৰাখি চোৰ সোমাল কম্পিউটাৰ কক্ষত ৷ পৰৱৰ্তী পৰ্যায়ত অন্য শ্ৰেনী কোঠাৰ দুৱাৰ ভাঙি চিলিঙেৰে পুনৰ চোৰে কম্পিউটাৰ কক্ষত প্ৰৱেশ কৰি চোৰ কৰি লৈ যায় কম্পিউটাৰ চেট(Goalpara News)৷
আনহাতে বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ চিলিং ফেন ভাঙি থৈ যোৱাৰ লগতে লণ্ডভণ্ড কৰি থৈ যায় বিদ্যালয়ৰ আচবাব ৷ কম্পিউটাৰ চুৰি সংক্ৰান্তত বিদ্যালয় কতৃপক্ষই ধূপধৰা আৰক্ষীক অৱগত কৰিছে ৷ ঘটনাস্থলীত ধূপধৰা আৰক্ষীয়ে ইতিমধ্যে বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : WATCH | Dalgaon News : খাৰুপেটীয়াত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে খাৰুপেটিয়াৰ আৰক্ষীৰ অভিযান