Local, Vocal, Global

WATCH | Terrible boat accident : নাওঁ দুৰ্ঘটনাত নিখোঁজ যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী,১জুলাই : নাওঁ দুৰ্ঘটনাত নিখোঁজ যুৱকৰ মৃতদেহ উদ্ধাৰ।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত পেৰাধৰা গাঁৱৰ ১৬ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ মাজিদুল ইছলামৰ মৃতদেহ আজি ৰৌমাৰী পাথাৰৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে,যোৱা ১৯ জুন ২০২৫ তাৰিখে মাজিদুল এজন নাওঁযাত্রী হিচাপে যাত্ৰা কৰি থাকোতে নাওখন দুৰ্ঘটনাত পতিত হয়(Terrible boat accident)। সেইদিনৰ পৰাই মাজিদুল ইছলাম নিখোঁজ হৈ আছিল।

দীর্ঘ প্ৰচেষ্টাৰ পিছত, আজি পুৱা স্থানীয় ৰাইজে মৃতদেহটো ৰৌমাৰী পাথাৰৰ ব্ৰহ্মপুত্ৰত উটি গৈ থকা অৱস্থাত দেখি আৰক্ষীক খবৰ দিয়ে। তাৰাবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

নাওঁ দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট নহয়। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই আছে। পৰিয়াল তথা সমগ্ৰ গাঁও শোকস্তব্ধ।

লগতে পঢ়ক :WATCH | Heated situation: ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ ভীমানন্দ তাঁতী পথত মাৰপিটৰ ঘটনা