WATCH | Heated situation: ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ ভীমানন্দ তাঁতী পথত মাৰপিটৰ ঘটনা

জামুগুৰিহাট,১জুলাই : ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ ভীমানন্দ তাঁতী পথত নিশা মাৰপিটৰ ঘটনা ৷ মাৰপিটত এজন গুৰুতভাৱে আহত হয় ৷
নিশা স্বপন ৰাভা আৰু গৌতম ডেকাৰ মাজত কাজিয়া সূত্ৰপাত ঘটে ৷ ইয়াৰ পাছতে গৌতম ডেকা আৰু তেওঁৰ পত্নী অষ্টমী ডেকাই চোকা অস্ত্ৰৰে স্বপন ৰাভাক আক্ৰমন কৰাত গুৰুতভাৱে আহত হয় ৷ গৌতম ডেকাই হঠাৎ স্বপন ৰাভাক এখন দাৰে মূৰৰ পাছফালে আক্ৰমন কৰে(Heated situation)৷
ঘটনাৰ খবৰ পায় ৰঙাপৰা আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুটুৰি পুতুৰি হৈ তকা স্বপন ৰাভাক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লয় আহে ৷ গুৰুতভাৱে আহত স্বপন ৰাভাক অতি সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
আনহাতে আক্ৰমনকাৰী গৌতম ডেকা আৰু তেওঁৰ পত্নী অষ্টমী ডেকাক আৰক্ষীয়ে আটক নকৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্বপন ৰাভাৰ পৰিয়ালবৰ্গই।
লগতে পঢ়ক : WATCH | Jal Jeevan Mission Scheme: অভয়াপুৰীত জল জীৱন মিছনৰ নামত চলিছে কি?