WATCH | Gelekay News : জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰৱ শিৱসাগৰ জিলাৰ লোণপূৰীয়া গাঁৱৰ ৰাইজ
গেলেকী,৩০জুন : জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে এইবাৰ সৰৱ শিৱসাগৰ জিলাৰ লোণপূৰীয়া গাঁৱৰ ৰাইজ ।
সংগ্ৰামী সেনা,অসম নামৰ জাতীয় সংগঠনটোৰ শিৱসাগৰ জিলা পৰ্যায়ৰ এজন নেতাৰ বিৰুদ্ধে সৰৱ লোণপূৰীয়া গাওঁৰ ৰাইজ।
পাৰিবাৰিক কণ্ডলৰ অতিষ্ঠ ৰাইজ লগতে স্থানীয় ব্যৱসায়িৰ পৰা ধন দাবী কৰাৰ অভিযোগ ৱাচিম আলী হাজৰিকাৰ বিৰুদ্ধে( Gelekay News)।
দৈনিক পৰিয়ালৰ লগত হাই কাজিয়া কৰি স্থানীয় পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ ৱাচিম আলী হাজৰিকাৰ বিৰুদ্ধে।
সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ বাবে এইবাৰ ৰাইজে ধৰি গতালে আৰক্ষীক।
ইয়াৰ পূৰ্বেও নিষিদ্ধ ঘোষিত সংগঠনলৈ যাম বুলি মন্তব্য কৰি ৰঙাঘৰৰ আলহী হৈছিল ৱাচিম।
ইতিমধ্যে গেলেকী থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়ক : WATCH | Sivsagar News : শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰত এক প্ৰতিবাদী কাৰ্যসূচী