Local, Vocal, Global

WATCH | Sivsagar News : শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰত এক প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ ,৩০জুন : টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ টাইপাই আজি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আহোম স্বায়ত্ব শাসনৰ দাবীত নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী মিছিল বাহিৰ কৰে।

বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক অৱহেলা-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক দিনত আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে এক সংগঠিত ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ৬০ লাখ আহোম ভোটাৰে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলক সমুচিত উত্তৰ দি শাসনৰ পৰা বিদায় দিয়াৰ হুমকি দিয়ে অসম চৰকাৰক(Sivsagar News)।

বিগত দিনত কংগ্ৰেছ,অগপ দলৰ লগতে বৰ্তমানৰ বিজেপি দলে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰাথমিক দাবীক নসাৎ কৰি আহিছে। চৰকাৰ সমূহৰ এনে অৱহেলাক আৰু সহ্য কৰা নহ’ব বুলি প্ৰতিবাদ থলীৰ পৰা ঘোষণা কৰি হয় আগন্তুক দিনত আহোম জনগোষ্ঠীৰ জনজাতিকৰণ কৰক,নহ’য় শাসনৰ পৰা বিদায় লবলৈ সাজু হওঁক বুলি টাইপাৰ নেতৃত্বই সকিয়াই দিয়ে।

লগতে পঢ়ক : WATCH | Nalbari News :পুৱাৰে পৰাই নলবাৰীত এক্সন মুডত প্ৰশাসন