WATCH | North Guwahati News : উত্তৰ গুৱাহাটী টাইকোৱাণ্ড একাডেমীৰ অভূতপূৰ্ব সাফল্য
উত্তৰ গুৱাহাটী,২৯জুন : উত্তৰ গুৱাহাটী টাইকোৱাণ্ড একাডেমীৰ অভূতপূৰ্ব সাফল্য।
৮ গৰাকী টাইকোৱাণ্ড খেলুৱৈ এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত।
অহা ২৪ জুলাইৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপৰ বাবে দিনে নিশাই আৰম্ভ কৰিছে প্ৰশিক্ষণ(North Guwahati News)।
খেলুৱৈ কেইগৰাকী ক্ৰমে সীমান্ত দাস, চামিউল হক, ময়ূখ বৰকাকতি নিখিতা বৰা, আকাশলীনা শৰ্মা, মৈত্ৰী শৰ্মা, প্ৰাচী চৰকাৰ আৰু দেজদিমনা পাঠক।
ইতিমধ্যে কামৰূপ জিলা টাইকোৱাণ্ড এচোছিয়েশ্বনৰ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰথম বাৰৰ বাবে ৮ গৰাকী খেলুৱৈ এছিয়ান চেম্পিয়নশ্বিপত নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈছে উত্তৰ গুৱাহাটীবাসী।
লগতে পঢ়ক : WATCH | Doom Dooma News : ডুমডুমাত বন বিভাগৰ আজৱ কাণ্ড!