Local, Vocal, Global

WATCH | Arunachal Pradesh liquor seized : গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ অবৈধ অৰুনাচলী সুৰা

গহপুৰ,২৯জুন : গহপুৰ টি এন টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ অবৈধ অৰুনাচলী সুৰা। AR 11 7215 নম্বৰৰ ব’লেৰ বাহনখনত জব্দ ১০ কাৰ্টন অবৈধ অৰুনাচলী সুৰা।

নিশা এন্ধাৰৰ সুযোগ লৈ অৰুনাচলী সুৰা কঢ়িয়াই নিচিল বাহনখনত। সুৰাৰ বটল সমূহ বিহাৰলৈ বুলি নি আছিল ব্যক্তি চাৰিজনে। সৰবৰাহৰ সময়তে চাৰি গৰাকী ব্যক্তিক আটক গহপুৰ আৰক্ষীয়ে। আটকাধীন ব্যক্তিকেইজনৰ নাম ক্ৰমে বিহাৰ ৰাজ্যৰ সঞ্জীৱ কুমাৰ, বিকাশ কুমাৰ,বলৰাম কুমাৰ,ৰৌছন চাহানী( Arunachal Pradesh liquor seized)।

আটাইকেইজনে অৰুনাচলৰ ইটানগৰত বিল্ডিং নিৰ্মাণৰ শ্ৰমিক আছিল।

লগতে পঢ়ক : WATCH | Dead body found : ডুমডুমা নৈত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ