Local, Vocal, Global

WATCH | Merapani News : ৰাজ্যৰ পশু বিভাগৰ ফোঁপোলা স্বৰূপ

মেৰপানী,২৯জুন : এখন পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপে উদঙাইছে বিভাগটোৰ ফোপোলা স্বৰূপ। হাবি-জংঘলেৰে ভৰি পৰিছে চিকিৎসালয়খন। পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা থকাৰ পাছতো পশু চিকিৎসকৰ অভাৱত জহি খহি যোৱাৰ উপক্ৰম হৈছে চিকিৎসালয় খন(Merapani News)।

মেৰাপানীৰ ১ নং ওপৰ তৰাণিৰ পশু চিকিৎসা কেন্দ্ৰটো প্ৰায় তিনিবছৰে চিকিৎসকৰ অভাৱত এনেদৰে জহি খহি যোৱাৰ উপক্ৰম হৈছে। এই বিষয়টোৰ ওপৰত স্থানীয় বিধায়িকা তথা অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগক অৱগত কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপন কৰে। স্থানীয় ৰাইজে অতি শীঘ্ৰেই উক্ত পশু চিকিৎসা কেন্দ্ৰটোত এগৰাকী চিকিৎসক নিয়োগ কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক : WATCH | Lumding News : লামডিঙত নিশা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত বন্যহস্তী