WATCH | Lumding News : লামডিঙত নিশা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত বন্যহস্তী

লামডিং,২৯জুন : লামডিঙত নিশা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত বন্যহস্তী ৷
পূৱ লামডিং মূড়াবস্তিৰ ৫ নং ৱাৰ্ডত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তী ৷
কঠাল গছৰ পৰা কঠাল খাবলৈ লওটে বিদ্যুৎস্পৃষ্ট হয় বনৰীয়া হাতীটো ৷
বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় হাতীটো(Lumding News)৷
স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ প্ৰতি অভিযোগ তুলিছে ৷
খৱৰ দিয়াৰ পিছতো বিদ্যুৎ বিভাগে পলমকৈ বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
নিশাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ৷
লগতে পঢ়ক : WATCH | Bhabesh Kalita : হাজোত বিধায়ক ভৱেশ কলিতাৰ আধাৰশিলা স্থাপন