WATCH | Chapar News : ২০২৫ চনৰ বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি এবিএমছুয়ে?
চাপৰ,২৯জুন : ২০২৫ চনৰ বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি এবিএমছুয়ে?
এইবাৰ বি টি চি নিৰ্বাচনৰ ৫টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতাৰ লক্ষ্য এবিএমছুৰ।
উচ্ছেদ,ডি ভোটাৰ সমস্যা আদি বিভিন্ন বিষয়ত সংখ্যালঘু ৰাইজক চৰকাৰে কৰা হাৰাশাস্তিৰ ওপৰত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা এবিএমছুৰ।
২১ জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত আন্দোলনৰ কাৰ্যসূচী আৰু ২২ জুলাইত দিল্লীৰ মাজমজিয়াত সংখ্যালঘু ৰাইজক চৰকাৰে কৰা অত্যাচাৰ সম্পৰ্কে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব(Chapar News)।
লাফিকুল ইছলামৰ হত্যাকাৰীক ৮ টা বছৰে বি টি চি চৰকাৰে লুকাই ৰখাৰ অভিযোগ।
উল্লেখ্য যে ধুবুৰী-কোকৰাঝাৰ সীমান্তবৰ্তী বাঙালডোবাত অনুষ্ঠিত হোৱা সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত বাঙালডোবা আঞ্চলিক সমিতিৰ ষষ্ঠ দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত উপস্থিত হৈ এইদৰে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি টাইচন হুছেইনৰ এই মন্তব্য।
লগতে পঢ়ক : WATCH | Jamugurihat News : পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱতীৰ