Local, Vocal, Global

WATCH | Jamugurihat News : পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱতীৰ

জামুগুৰিহাট,২৯জুন : জামুগুৰিহাটৰ বৰপুখুৰীপাৰৰ মধুপুৰ গাঁওত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী যুৱতীৰ। মৃত্যু হোৱা যুৱতী গৰাকীৰ নাম পূজা নেওঁগ(২২)।

ঘৰৰ পিছফালে থকা পুখুৰীত পৰিয়ালৰ কেইজনমান সদস্যৰ লগত গা ধুবলৈ যোৱাৰ সময়ত পুখুৰীৰ দ স্থানত হঠাৎ সোমাই পৰে যুৱতী গৰাকী। ইয়াৰ পাছতে গা ধুই থকা আন সদস্যসকলে হুলস্থূলৰ সৃষ্টি কৰাত গাঁওৰ কেইজনমান যুৱক আহি যুৱতী গৰাকীক পানীৰ তলৰ পৰা উদ্ধাৰ কৰি ১০৮ সহায়ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱতী গৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে(Jamugurihat News)।

উল্লেখ্য যে এগৰাকী যুৱকৰ লগত ইতিমধ্যে বিবাহ ঠিক হৈ থকা যুৱতী গৰাকীৰ এই অকাল মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা