WATCH | Parbotjhora News : পৰ্বতঝোৰাত ইউপিপিএলৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা

পৰ্বতঝোৰা,২৮জুন : পৰ্বতঝোৰাত ইউপিপিএলৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা।
সমাগত বিটিআৰ নিৰ্বাচন। নিৰ্বাচনকলৈ এইবাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় দল ইউপিপিএলৰ। পৰ্বতঝোৰাত গাৰোপাৰা খেল পথাৰত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হয়(Parbotjhora News)।
উক্ত সভাত উপস্থিত থাকে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো লগতে কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙা, খাম্পা বৰগঞাৰী, মাধৱ চন্দ্ৰ চেত্ৰী, সাংসদ,জয়ন্ত বসুমাতাৰী, বিধায়ক লৰেঞ্চ ইচলাৰী,লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী। সভাত ভাষণ প্ৰসংগত বিপিএফ দলক তীব্ৰ সমালোচনা কৰে।
আজিৰ অনুষ্ঠানত ১,২৪৬ টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰে। ইফালে পৰ্বতঝোৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনকলৈ কয় যে ইতিমধ্যে আমি ৰাইজৰ সৈতে আলোচনা কৰি তিনিবাৰ কৈ মানচিত্ৰ সলনি কৰিছোঁ। প্ৰথমটো মানচিত্ৰ আমি সলনি কৰিছোঁ কাৰণ ৰাইজৰ ক্ষতি হ’ব বুলি আপত্তি কৰিছে। দ্বিতীয় বাৰো একেই কথা, তৃতীয়টো মানচিত্ৰত পাগলিঝোৰাৰ পৰা আকৌ ১৫০ মিটাৰ দূৰত লৈ যোৱা হ’ল।
ৰাইজৰ মতেই সকলো কৰি থকা হৈছে যদিও সকলো ঠিকে আছিল কিন্তু ইয়াত কিছুমান ৰাজনৈতিক নেতাই আহি ৰাজনীতি আৰাম্ভ কৰিলে।
সকলো আলোচনাৰ পিছতো যিয়ে এইবোৰ কৰি আছে খুবেই বেয়া কৰিছে। সমাধানৰ কথা সোধাত কয় যে সমাধান ওলাব লাগিব। ইয়াৰ ৰাইজে কৰিব নিদিলে বেলেগত উদ্যোগ নিৰ্মাণ হব যদিও আমি আৰু কিছু দিনৰ বাবে মুখ্য মন্ত্ৰীৰ পৰা সময় বিচাৰিছো।
মুন মুন ব্ৰহ্মই কৰা মন্তব্যই প্ৰমোদ বড়োই হেনো তিনিশ টা পৰিয়ালক হে মাটি দিছে, বাকী দেউতাৰ মাটি তপুত্ৰৰ নামত দিয়া এইবোৰ মাটিৰ পট্টা দিয়া হয় নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে যি জনী মানুহে ৰাইজৰ উপৰত থু পেলাই তেখেতৰ ওপৰত কি মন্তব্য কৰিম একো লাভ নাই।
হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে এখন সভাত ৰাইজক উদ্দেশ্য কৰা মন্তব্য জিকিলে আৰনাই গামোচা পাব নিজিকিলে চেণ্ডেল পাব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয় যে তেনে নেতাক ক’বলৈ কিবা থাকে নেকি, তেঁও আজিলৈ assembly ত নাহিল, যত ৩৫ লাখ জনসাধাৰণৰ কথা আলোচনা হয়। তেঁও যদি নাহে তেওঁৰ মতলব হৈছে কেৱল ইয়াৰ যিটো মাখন আছে সেইটো খোৱা। ১৭ বছৰত তেওঁ মাখন খাইছে এতিয়া চৰকাৰত নাই মানে মাখন নাই সেয়ে নাহে।
লগতে পঢ়ক : WATCH | Hajo News : নিৰ্বাচিত হ’ল হাজোৰ কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতি