Local, Vocal, Global

WATCH | Erosion in Nagerbera:চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া

নগৰবেৰা,২৮জুন : চেঙাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়া। নদীৰ বুকুত জাহ গ’ল ছুনেৰচালি প্ৰাথমিক বিদ্যালয় । গৰাখহনীয়াত ইতিমধ্যে ছুনেৰচালি গাঁৱৰ প্ৰায় চাৰিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত বিলীন হৈছে(Erosion in Nagerbera)। বাকী কেইটামান পৰিয়াল আছিল যদিও এইবাৰৰ খহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ ঢাপলি মেলিছে।

সমগ্ৰ ছুনেৰচালি গাওঁখনৰ নাই কোনো চিন চাপ। দুই তিনি বছৰে নদীৰ বুকুত বিলীন হল কেইবাটাও ধৰ্মীয় অনুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰৰ লগতে ছুনেৰচালি প্ৰাথমিক বিদ্যালয় । সম্প্ৰতি ভঙা গৃহতে ভয় আৰু আতংকৰ মাজতে চলিছে পাঠদান । নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যাৰ্থ বিধায়ক আশ্ৰাফুল হুছেইন আৰু সাংসদ ৰকিবুল হুছেইন । সমগ্ৰ অঞ্চলটোক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগতে জিলা প্ৰশাসনক অনুৰোধ জনায়।

লগতে পঢ়ক : WATCH | Massive fire breaks out:যোৰহাটৰ এলেংমৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা