Local, Vocal, Global

WATCH | Massive fire breaks out:যোৰহাটৰ এলেংমৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

যোৰহাট,২৮জুন : উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰাত শুকুৰবাৰে নিশা ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এলেংমৰা চাৰিআলিৰ সমীপৰ তিনিখনকৈ দোকানত জুইত জাহ যায়। গ্ৰচাৰি, হাৰ্ডৱেৰ দোকানৰ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়(Massive fire breaks out)।

তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে যদিও তাৰ পূৰ্বেই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংসস্তুপত পৰিণত হয়।

বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কেটৰ ফলতে এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে।

লগতে পঢ়ক :WATCH | Dibrughar News : ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমিপত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিবাদ