Watch | The All Assam Tribal Students’ Union demands hanging of the rapist who murdered 6-year-old Ayuchi in a brutal assault: ৬ বছৰীয়া আয়ুচি পুৰ্তিক ডিঙি চেপি হত্যা কৰা ধৰ্ষণকাৰীক ফাঁচীৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

কলিয়াবৰ: কাৰ্বি-আংলং জিলা বোকাজানৰ অমৰাজানত এটি ছয় বছৰীয়া কনমানি শিশুক যোৱা 22 জুন তাৰিখে নিশা ৰঞ্জিত বসুমতাৰী নামৰ নৰ পিয়াশ যোৱক এজনে ৬ বছৰীয়া আয়ুচি পুৰ্তি নামৰ কন্যা শিশুক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা ঘটনাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক পুৰন গঞ্জুৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধৰ্ষকাৰীক ফাঁচী দিয়াৰ দাবী জনাই ।
নগাঁও জিলাৰ অন্তৰ্গত আছা বৰদল আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আদিবাসী জানি শক্তি সংগতি বৰদল আঞ্চলিক সমিতিৰ সহযোগত বৰদল তিনি আলিৰ প্ৰাংগনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানত সকলোৱে স্বৰ্গীয় আয়ুচী পুৰ্তিৰ ফটোৰ ওচৰত চাকি জ্বলায় পুষ্প মাল্যৰ্পন কৰি তেখেতৰ আত্মা চিৰ শান্তি কামনা কৰি ১ মিনিট মৌন প্ৰাথনা কৰে।
অনুষ্ঠানৰ শেষত সংগঠনটোৱে We want justice, ৰঞ্জিত বসুমতাৰীক ফাঁচী দিয়ক,আছা জিন্দাবাদ, আয়ুচী পুৰ্তিৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি বিভিন্ন শ্লো গানেৰে আকাশ বতাহ কপাই তোলে।
উক্ত অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শ্ৰীপুৰন গঞ্জু, আছা নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গোঁড়, আছা নগাঁও জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি ধনঞ্জয় কুৰ্মী, পবিত্ৰ ভূমিজ, আদিবাসী সেৱা সমিতিৰ প্ৰাক্তন সদস্য শ্ৰীযুত সুচীল টুটি, আদিবাসী জানি শক্তি সংগতি নগাঁও জিলাৰ সভানেত্ৰী শ্ৰীমতী বিনীতা ডডৰাই, সম্পাদিকা শ্ৰীমতী অনিমা বিঞ্জোৱাৰ, আছা আৰু আদিবাসী জানি শক্তি সংগতিৰ বৰদল, আমনি, শালনা, ৰেকাপাহাৰ আঞ্চলিক সমিতিৰ লগতে স্হানীয় ৰাইজ উপস্থিত থাকে।