Watch | Gohpur News: গহপুৰত পুনৰ গাহৰি বিতৰ্ক
গহপুৰ: গহপুৰত পুনৰ গাহৰি বিতৰ্ক। এইবাৰ গাহৰি পুহি দুই ভাতৃ ৰাইজৰ ৰোষত পৰিল ।
ঘটনাৰ স্থান গহপুৰৰ বৰঙাবাৰী নপমুৱা গাওঁ ,দুই ভাতৃ ক্ৰমে মিন্টু শইকীয়া আৰু ধ্ৰুৱ শইকীয়া। শিক্ষিত হৈও চৰকাৰী চাকৰি নোপোৱা বাবে ব্ৰয়লাৰ আৰু গাহৰি পুহি আত্ম সংস্থাপনৰ হোৱাৰ প্ৰচেষ্টা দুই ভাতৃৰ। কিন্তু তাতেই লাগিল কেনাটো । গাওঁখনৰ ৰাইজৰ দাবী গাৱঁত পুহিব নোৱাৰিব গাহৰি ।’পূৰ্বপুৰুষতো গাৱঁত গাহৰি পোহা নাছিল এতিয়াও নোৱাৰিব গাহৰি পুহিব’। এই লৈ ৰাইজে নামঘৰৰ সন্মুখত বহালে এখন মেল । মেললৈ মাতিলে দুই ভাতৃকো বিষয়টো অবগত কৰি ৰাইজে এঘৰীয়া কৰাৰ পযন্ত হংকাৰ প্ৰদান কৰে ।