WATCH | Baihata Chariali : একাংশ বহিৰাগত বনিক গোষ্ঠীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে বাইহাটাৰ ৰাইজ

বাইহাটা চাৰিআলি,২৬জুন : একাংশ বহিৰাগত বনিক গোষ্ঠীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে বাইহাটাৰ সমীপৰ দুই নং দলগাওঁৰ এখন গাঁৱৰ ৰাইজ।
এক কথাত কবলৈ গলে এতিয়া এই গাঁৱত অৱস্থিত চিৱম পাইপ INDUSTRY ৰ বাবে ত্ৰহি মধুসুধুন সোৱৰিব লগা হৈছে এই গাঁওৰ লোক সকলে।এই উদ্যোগৰ ফলত গাঁওৰ প্ৰায় সংখ্যক লোকে আক্ৰন্ত হৈছে বিভিন্ন জটিল ৰোগৰ লগতে চৰ্ম ৰোগত(Baihata Chariali)।
এই পাইপ উদ্যোগত মালিক পক্ষৰ মইমতালিত অতিষ্ঠ হৈ পৰে এই দুই নং দলগাঁওৰ সাধাৰণ জনতা। বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণৰ সম্পূৰ্ণ কবলত পৰিছে এই গাওঁবাসী। এতিয়া ক’ত যাব, কি কৰিব এনে এক অৱস্থাৰ সৃষ্টি হৈছে এই গাওঁবাসীৰ মাজত।
এই উদ্যোগটোৰ ফলতে বহু কন কন লৰা ছোৱালী আক্ৰান্ত হৈছে বিভিন্ন জটিল ৰোগত। উদ্যোগটোৰ পৰা নিৰ্গত বিষাক্ত কলা পানীৰ বাবে মৃত্যু হৈছে বহু পশুধনৰ। খেতিৰ বাবে অনুপযোগী হৈ পৰিছে বিঘাই বিঘাই খেতি পথাৰ। কামৰূপ জিলা বীৰ লাচিত সেনাৰ কৰ্মী সকলে জবাবদিহি কৰে এই উদ্যোগটোৰ মালিক পক্ষক।
লগতে পঢ়ক : WATCH | Dalgaon News : নাবালিকাৰ লগত কু-কাণ্ড চিকিৎসকৰ সহায়কৰ