WATCH | Jamugurihat News : নদুৱাৰ সমষ্টিৰ দুখন গাঁওপঞ্চায়তৰ শপত গ্ৰহন অনুষ্ঠান সম্পন্ন

জামুগুৰিহাট,২৫জুন : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁওপঞ্চায়ত আৰু উত্তৰ মূঢ়াদল গাঁওপঞ্চায়তত আজি শপতগ্ৰহন অনুষ্ঠান অনুষ্ঠিত হয়৷মাংগলিক অনুষ্ঠান দুটাত পশ্চিম মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি অজিত পায়েং আৰু উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী চৱিতা কাৰ্কি সহ ৱাৰ্ড সদস্য সকলক শপতবাক্য পাঠ কৰায় চতিয়া খণ্ডউন্নয়ন বিষয়া অজয় সিঙে ৷
নব-নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ শপত গ্ৰহণ অনুষ্ঠান দুটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ই দুয়োখন গাঁওপঞ্চায়তৰ দুইগৰাকী সভাপতিৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলক অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সততা আৰু নিষ্ঠাৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহৱান জনায়(Jamugurihat News)৷
উত্তৰ মূঢ়াদল মণ্ডল বিজেপিৰ সভাপতি কিশোৰ দাহালৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহন অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত আৰু চতিয়া পৌৰসভাৰ পৌৰপতি দ্বীপশিখা সন্দিকৈ,শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি নিতুমনি বৰা, শোণিতপুৰ জিলাৰ যুৱ মৰ্চাৰ উপ-সভাপতি মাধুৰ্য বৰা ই৷ বিজেপি দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিৰ অনুষ্ঠানত বৰ্ষিয়ান নাগৰিক সকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷
উল্লেখ্য যোগ্য যে এইবাৰ নদুৱাৰ সমষ্টিৰ এশ শতাংশ পঞ্চায়ত বিজেপি দলেই দখল কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : WATCH | Barpeta News : ভূৱা জাতিৰ প্ৰমাণপত্ৰৰে GAIL ত উচ্চ পদত নিযুক্তি!