Local, Vocal, Global

WATCH | Barpeta News : ভূৱা জাতিৰ প্ৰমাণপত্ৰৰে GAIL ত উচ্চ পদত নিযুক্তি!

বৰপেটা,২৫জুন : ভূৱা জাতিৰ প্ৰমাণপত্ৰৰে GAIL ত উচ্চ পদত নিযুক্তি! বৰপেটাৰ বহৰিৰ বাসুদেৱ দাসৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ।

বৰপেটা জিলাৰ বহৰি গাঁৱত ওলাল এটা গম্ভীৰ জালিয়াতীৰ কাহিনী। বহৰিৰ বাসিন্দা বাসুদেৱ দাসৰ বিৰুদ্ধে ভূৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম (GAIL) ত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে(Barpeta News)।

অভিযোগ অনুসৰি, বাসুদেৱ দাসে নিজ পিতৃক নগৰবেৰা পাহাৰ পাৰাৰ আটা-পিতাৰূপে উল্লেখ কৰি জালিয়াতি কৰি অনুসূচিত জাতি (SC) শংসাপত্ৰ সংগ্ৰহ কৰি লয়। কিন্তু বাস্তৱতঃ বাসুদেৱৰ পূৰ্বপুৰুষ তথা মূল বাসগৃহ বৰপেটা জিলাৰ বহৰি গাঁৱত। উল্লেখযোগ্য যে, একে পিতৃৰ সন্তান হিচাপে বাসুদেৱৰ ভায়েকৰ জাতি শংসাপত্ৰ বৈধ নহয়, অথচ বাসুদেৱ দাসে ভূৱা নথিপত্ৰৰে সৰকাৰি চাকৰি কৰি আছে কেনেকৈ?

এই তথ্য বাহিৰলৈ অহাৰ পিছত বাসুদেৱ দাসৰ নিজ ভায়েকজনে জিলা প্রশাসন, ৰাজহ বিভাগ, আৰু আন দায়িত্বশীল বিভাগসমূহক অৱগত কৰিলেও এতিয়ালৈকে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

বহৰি গাঁওৰ গাঁও প্ৰধানেও এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে বাসুদেৱৰ আত্মীয় পক্ষই। প্ৰশ্ন উঠিছে — কিদৰে এই ধৰণৰ জাল নথি D.C অফিচত গ্ৰহণ কৰা হ’ল?

কিয় এতিয়ালৈকে কোনো অনুসন্ধান বা আইনগত পদক্ষেপ গ্ৰহণ কৰা নহ’ল? এই সংক্ৰান্তত যোৱা কালি এখন press মিট দিয়ে বাসুদেৱৰ নিজা বাত্ৰীয়ে।

সাম্প্ৰতিক এই অনিয়মে সমগ্ৰ অঞ্চলজুৰি অসন্তোষৰ সৃষ্টি কৰিছে। বাসুদেৱ দাসৰ বিৰুদ্ধে অবিলম্বে তদন্ত আৰম্ভ কৰি আইনগত ব্যৱস্থা লৱ লাগে, আৰু জড়িত সকলোকে বিচাৰৰ আওতালৈ অনিব লাগে।

লগতে পঢ়ক : WATCH | Mushalpur News : ই এম ৰাকেশ ব্ৰহ্মৰ মহানুভৱতা