WATCH | Artificial Flood in Geleky : কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিস্তীৰ্ণ অঞ্চল

গেলেকী,২৫জুন : কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিস্তীৰ্ণ অঞ্চল ।।
গেলেকীৰ ন-চুক,ন আলি বামুণ গাওঁ, ৰঙাগড়া,চপৰীয়াকে ধৰি ভালেকেইটা অঞ্চল বৰ্তমান কৃত্ৰিম বানৰ কৱলত ।
খোৱা পানীকে ধৰি খাদ্যৰ সমস্যাত ভূগিছে এই অঞ্চল কেইটাৰ ৰাইজ(Artificial Flood in Geleky)।
ঘৰৰ ভিতৰতে একাঠু পানী একাংশৰ ।
বাট পথ সম্পূৰ্ণ পানীত ডুবি যোৱাৰ ফলত যাতায়তৰ সমস্যাই দেখা দিছে এই কেইটা অঞ্চলত ।
প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি হোৱাৰ বাবে দিশহাৰা হৈ পৰিছে জনসাধাৰণ ।
প্ৰয়োজনীয় সুবিধাৰ বাবে এতিয়াও বাট চাব লগীয়া হৈছে ৰাইজ ।
স্থানীয় ৰাইজে এই সমস্যাটোৰ বিচাৰিছে স্থায়ী সমাধান ।
লগতে পঢ়ক :WATCH | Biswanath News : বিশ্বনাথৰ ৰামকৃষ্ণ সেৱাশ্ৰমত বিনামূলীয়া চকু চিকিৎসা শিবিৰ