Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথৰ ৰামকৃষ্ণ সেৱাশ্ৰমত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

বিশ্বনাথ,২৫জুন : আজি অৰুণাচল প্ৰদেশৰ ৰামকৃষ্ণ মিচন হস্পিতাল ইটানগৰৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

পুৱা ৯:০০ বজাৰ পৰা দিনৰ ১:০০ বজালৈ দেৰ শতাধিক ৰোগীয়ে চকু পৰীক্ষা কৰে। ৰামকৃষ্ণ মিচন হস্পিতালৰ চাৰিগৰাকী ডাক্তৰ ক্ৰমে হাজে মুণ্য, উমা চেত্ৰী, শসাংক দত্ত,যশপাল সিং আৰু এগৰাকী নাৰ্চ নানু ৰংমৌৱে ৰোগী সকলৰ চকু পৰীক্ষা কৰে(Biswanath News)।

এই ৰোগী সকলক বিশ্বনাথ চাৰিআলিৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ পৰা অৰুণাচল প্ৰদেশৰ ৰামকৃষ্ণ মিচন হস্পিতাল ইটানগৰলৈ এবাৰত ১২ জনকৈ লোকক চকুৰ অস্ত্ৰোপচাৰ কৰিবৰ বাবে নিয়ে বুলি জানিবলৈ দিয়ে সভাপতি পিযুছ চক্ৰৱৰ্তী আৰু সম্পাদক প্ৰশান্ত চক্ৰৱৰ্তীয়ে।

লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত পুনৰ আৰক্ষীক লজ্জিত কৰা ঘটনা