WATCH | Barpeta News : বৰপেটা জিলাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা
বৰপেটা,২৫জুন : বৰপেটা জিলাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়লৈ অহা বাটতে সন্তান প্ৰসৱ কৰে এগৰাকী মহিলাই (Barpeta News)।
জানিব পৰা মতে, আলোপতি মণ্ডলপাৰা গাঁওৰ নুৰভানু নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত ততাতৈয়াকৈ এখন ই-ৰিক্সাৰে মহিলা গৰাকীক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা সময়তে আদবাটতে সন্তান প্ৰসৱ কৰে। পিছতে চিকিৎসালয়খনৰ নাৰ্চ ও স্বাস্থ্যকৰ্মী সকলে ঘটনাস্থলীত উপস্থিত হৈ প্ৰসূতি মহিলা গৰাকীৰ লগতে নৱজাত শিশুটিক চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰে।
সম্প্ৰতি প্ৰসূতি ও শিশুটি সুস্থ্য অৱস্থাতে আছে । এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
লগতে পঢ়ক : WATCH | Jamugurihat News : বালিপৰাত ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজন যুৱকক আটক