Local, Vocal, Global

WATCH | Dalgaon News : দেশৰ ভিতৰত বিখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ

দলগাঁও,২৪জুন : দেশৰ ভিতৰত বিখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ। ৰঙিয়াৰ পৰা আটক কৰে অনিল চৌহান নামৰ চোৰটোক। অনিল চৌহানে তেজপুৰত বাহৰ পাতি থাকে বুলি জানিব পৰা গৈছে। এই চোৰটোৰ কাহিনী শুনিলে আঁচৰিত হ’ব আপুনিও। এৰোপ্লেন উঠি আহি অসমত চোৰৰ কৰিবলৈ আহে। গোটেই ভাৰতবৰ্ষত বহুতো গোচৰ আছে।

১৪ জুন তাৰিখে নিশা দলগাঁৱৰ কবিৰ আলি ঘৰৰ পৰা চুৰি হৈছিলে ড্ৰাম্পাৰ। দলগাঁও আৰক্ষীৰ গোপন খবৰ ভিত্তিত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰীৰ নেতৃত্বত দলগাঁও উপ-পৰিদৰ্শক বুদ্ধিন হাজৰিকাৰ লগতে দলগাঁও থানৰ এডল আৰক্ষীয়ে নাগালেণ্ড কহিমাৰ পৰা ড্ৰাম্পাৰ সৈতে চোৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে(Dalgaon News)।

আটক চুৰজ সিং অৰুণাচলৰ টাৱাংত ঘৰৰ বুলি জানিব পৰা গৈছে। চুৰজ সিংক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিলে। দলগাঁও আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও দলগাঁও আৰক্ষীয়ে ড্ৰাম্পাৰ চোৰৰ সন্দৰ্ভত দেশৰ ভিতৰত বিখ্যাত চোৰক অনিল চৌহান জড়িত হৈছে। দলগাঁও আৰক্ষীয়ে আটক কৰে অনিল চৌহানক।

লগতে পঢ়ক : WATCH | Srinkhal Chaliha : এইবাৰ আমি ৰাস্তাত প্ৰতিবাদ কৰিছিলো কিন্তু সমস্যাৰ স্থায়ী সমাধান নহ’লে কাৰ্যালয়ত প্ৰতিবাদ কৰিম