WATCH | Nagaon News : নগাঁও উৰিয়াগাঁৱত বিষাক্ত পার্থেনিয়াম নিৰ্মূলকৰণ অভিযান উপায়ুক্ত দেৱাশীষ শর্মাৰ
নগাঁও,২৪জুন : নগাঁৱৰ ১২৭ নং চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে গঢ়ি উঠা বিষাক্ত ক্ষতিকাৰক পার্থেনিয়াম নিৰ্মূলকণৰ এক অভিযান আৰম্ভ কৰে নগাঁও জিলা নৱনিযুক্তি আয়ুক্ত দেৱাশীষ শৰ্মাই(Nagaon News)।
এই উদ্দেশ্য নগাঁও উৰিয়াগাঁও বাইপাচ চাৰিআলিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ নগাঁও কেন্দ্ৰৰ সহযোগত এক সজাগতাৰ লগতে নির্মূলকৰণৰ শুভাৰম্ভ কৰা হয় ।সভাত উপস্থিত থকা বিশিষ্ট কৃষি বিজ্ঞানী সকলে এই বিষাক্ত পার্থেনিয়ামৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ সমন্ধে ৰাইজক অৱগত কৰাৰ লগতে এই ৰোগৰ পৰা কেনেদৰে নিৰাময় কৰিব পাৰে সাধাৰণ ৰাইজক অৱগত কৰে। উল্লেখ যে আজি নগাঁও উৰিয়াগাঁও বাইপাচ চাৰিআলিৰ পৰা কলিয়াবৰলৈ এই নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক : WATCH | Hatsingmari News : হাটশিঙিমাৰীত আৰক্ষীৰ বৃহৎ সফলতা