Local, Vocal, Global

WATCH | Hatsingmari News : হাটশিঙিমাৰীত আৰক্ষীৰ বৃহৎ সফলতা

হাটশিঙিমাৰী,২৪জুন : হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীৰ বৃহৎ সফলতা লাভ কৰে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেপাৰীপাৰা ঘাটত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক এজন সৰবৰাহকাৰী। আৰক্ষীয়ে অভিযান চলাই ২৮৮০ টা TRAMADOL কেপচুল ৪২৮ টা NITRAZEPAM টেবলেট ১১০ টা CODEINE PHOSPHATE ছিৰাপৰ লগতে এটা মোবাইল ফোন জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম নয়নমিঞা (২৩) বুলি জানিব পৰা গৈছে(Hatsingmari News)।

ধুবুৰীৰ পৰা ফেৰীৰে হাটশিঙিমাৰী লৈ অহাৰ লগে লগেই নিদিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰে।অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Sootea News : চতিয়াত অব্যাহত আছে নাৰীদেহ ব্যৱসায় বিৰুদ্ধে চাঞ্চল্য