WATCH | Escaped murder accused arrested : ১৩ বছৰ পুৰণি হত্যাৰ অভিযোগত অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ খটখটি আৰক্ষীৰ
বোকাজান,২৪জুন : ১৩ বছৰ পুৰণি হত্যাৰ অভিযোগত অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ খটখটি আৰক্ষীৰ। বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত ২ ০১৩ বৰ্ষত সংঘটিত এটা হত্যাৰ গোচৰত অভিযুক্ত নুৰ হুছেইন নামৰ এটা হত্যাকাৰীক আজি গ্ৰেপ্তাৰ কৰে খটখটি আৰক্ষীয়ে( Escaped murder accused arrested)।
২০১৩ চনত খটখটিৰ লাহৰিজানত মৰিগাঁওৰ যুৱক মহম্মদ ছাহাদুল ইছলাম নামৰ এজন লোকক হত্যা কৰি ছদ্মবেশেৰে আত্মগোপন কৰি আছিল নুৰ হুছেইন নামৰ হত্যাকাৰীজনে। হত্যাকাণ্ড সংঘটিত কৰি কৰ্ণাটকলৈ পলাই যোৱা নুৰ হুছেইনে ভুৱা আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স বনাই চেলবেষ্টিন এক্কা নামৰ ছদ্মনামাৰে বিগত এটা দশক ধৰি বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত জাপৰাজানত বসবাস কৰি আছিল।
উল্লেখযোগ্য যে খটখটি আৰক্ষী আৰক্ষী থানাত পঞ্জীয়নভুক্ত 104/2013 গোচৰৰ ভিক্তিত আজি খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াই গ্ৰেপ্তাৰ কৰে নুৰ হুছেইনক।
লগতে পঢ়ক : WATCH | Sivsagar News : বিদেশী বিশেষজ্ঞই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে