Local, Vocal, Global

WATCH | Sivsagar News : বিদেশী বিশেষজ্ঞই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে

শিৱসাগৰ,২৪জুন : বিদেশী বিশেষজ্ঞই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । সম্পূৰ্ণকৈ পৰিস্থিতি নিয়ন্ত্ৰণ হ’বৰ বাবে আৰু চাৰিৰ পৰা পাঁচদিন সময়ৰ প্ৰয়োজন হ’ব পাৰে ।

এই ঘটনাৰ তিনিতৰপীয়া তদন্ত হ’ব আৰু প্ৰতিবেদন মতে যি দোষী তাৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব । আমি অ এন জি চিৰ অসম এছেটৰ কাৰ্য্যবাহী সঞ্চালক গৰাকীৰ অগ্ৰগতি সম্পৰ্কে বুজ লৈছো। কাৰ্য্যবাহী সঞ্চালক গৰাকী নিজেও ইয়াতে উপস্থিত আছে । আজি আমি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ প্ৰেৰণ কৰিম(Sivsagar News)।

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সঁজাতি দলৰ পৰিদৰ্শন ভটিয়াপাৰ বাৰীচুক গেছ নিৰ্গমনস্থলী । অ এন জি চি কৰ্তৃপক্ষ তথা স্থানীয় ভুক্তভোগী সকলৰ সৈতে মত বিনিময়‌।

উল্লেখ্য যে, সঁজাতি দলটোৱে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে ভটিয়াপাৰৰ বাৰীচুকৰ গেছ নিৰ্গমনস্থলী পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যিক সভাপতিগৰাকীক সমগ্ৰ গেছ নিৰ্গমন সন্ধৰ্ভত প্ৰতিবেদন দাখিল কৰিব।

সঁজাতি দলটোক ৰাজ্যিক উপ-সভাপতি শ্ৰীযুত তপন কুমাৰ গগৈ,কেবিনেট মন্ত্রী যোগেন মহন, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক উপ-সভাপতি পুলক গোহাঁই,ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই আৰু জিলা সভাপতি বিতোপন ৰাইদঙীয়াই প্ৰতিনিধিত্ব কৰে।

ঘটনাৰ পাছত গঠিত হোৱা ভটিয়াপাৰ তৈলক্ষেত্ৰ সংগ্ৰাম সমিতিৰ উপৰিও ভটিয়াপাৰ অঞ্চলৰ ৰাইজে বিজেপি সঁজাতি দলটোক ১৩ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Gohpur News : তিনিটা বৰ্বৰ,নৰখাদক বহিৰাগত অনা অসমীয়াৰ বৰ্বৰতাৰ আখ্যান