Local, Vocal, Global

WATCH | Poor conditions of roads : উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ

দলগাঁও,২৪জুন : দলগাঁৱৰ এটি পথৰ উন্নয়নৰ ফোপোলা স্বৰূপ। আপুনি চাওঁক এই পথচোৱা। এয়া হৈছে ঘিলাধাৰী গাঁৱৰ সংযোগী এটি পথ। যি পথচোৱা ৰঙাগড়া পথাৰ গাঁও হৈ ৰহমানপুৰ লৈ গৈছে। বিগত আঠ-দহ বছৰ ধৰি ৰঙাগড়া গাঁৱৰ ৰাইজে ভোগ কৰি আহিছে যমৰ যাতনা। ভোগ কৰি আহিছে দুৰ্যোগ।

কিয়নো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও গাঁওবাসীয়ে ওখোৰা- মোখোৰা দিশেৰে, বোকা পানী গচকি, বিপদক নেউচি পাৰ কৰিছে আহ-যাহ কৰা স্বাভাৱিক জীৱন শৈলী।ইয়াৰোপৰি গাঁওখনত নাই বিজুলীৰ ব্যৱস্থা। প্ৰকৃততে স্বাভাৱিক নহয় এয়া হৈছে অ-স্বাভাৱিক আৰু দুঃ-সাহসিক জীৱন-যাপন(Poor conditions of roads)।

চৰকাৰে প্ৰচাৰৰ নামত ঢাক-ঢোল বজাই গাই ফুৰে উন্নয়ন।কিন্তু এই ছবিয়ে ৰাজ্যত উন্নয়ন হৈছে কিমান বুলি গণ্য কৰিব!

লগতে পঢ়ক : WATCH | Lumding landslide : হাফলঙৰ পৰা জাতিংগা সংযোগী ৰেলপথত ভূমিস্খলন