Local, Vocal, Global

WATCH | Chapar News : চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ মুঠ আঠ খন গাওঁ পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আৰম্ভ

চাপৰ,২৩জুন : বহু জল্পনা কল্পনাৰ অন্তত ধুবুৰী জিলাৰ বিভিন্ন গাওঁ পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ ।যোৱা ২১ এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত গঠন প্ৰক্ৰিয়া(Chapar News)।

ধুবুৰী জিলাৰ বিভিন্ন গাওঁ পঞ্চায়তৰ সমান্তৰালকৈ বিলাসী পাৰা সমষ্টিৰ অন্তৰ্গত চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ আজিৰে পৰা তিনিদিনীয়াকৈ মুঠ আঠ খন গাওঁ পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়।

ইতিমধ্যে চাপৰ-শালকোচা উন্নয়ন খণ্ডত আহি উপস্থিত হৈছে নিৰ্বাচিত হোৱা পঞ্চায়ত সদস্য সকল।প্ৰথমবাৰৰ বাবে ভোটদানৰ প্ৰক্ৰিয়াৰে সভাপতি পদৰ প্ৰাৰ্থী নিৰ্বাচিত হয়। বহলপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী পদত গীতা ৰাণী ৰায় আৰু উপ সভানেত্ৰী হিচাপে টছত জয়ী হয় প্ৰণিতা ৰায়।

লগতে পঢ়ক : WATCH | Rangia News : সন্ধানহীন উদীয়মান যুৱক সীমান্ত ডেকাৰ বাসগৃহত উপস্থিত বিধায়ক ভৱেশ কলিতা