WATCH | Jamugurihat News : শয্যাগত অৱস্থাত জামুগুৰিহাটৰ এগৰাকী সুদক্ষ সাতোৰবিদ
জামুগুৰিহাট,২৩জুন : এগৰাকী সুদক্ষ সাতোঁৰবিদ তথা প্ৰশিক্ষক জামুগুৰিহাটৰ মোহমৰাপাৰ গাঁৱৰ অৱিনাশ তালুকদাৰ এতিয়া যেন হৈ পৰিছে অসহায়৷ চাৰিমাহ পূৰ্ৱে জামুগুৰিহাটৰপৰা গুৱাহাটীৰ কৰ্মস্থলী সৰুসজাই ষ্টেডিয়ামলৈ বুলি গৈ থকা অৱস্থাত দূৰ্ঘটনাত পতিত হৈছিল পিতৃহাৰা অৱিনাশ তালুকদাৰ৷ তাৰ পিছতেই সুদক্ষ সাঁতোৰবিদজনে চিকিৎসালয়ত চিকিৎসা কৰি সম্যক জ্ঞান ওভতাই পালে যদিও দূৰ্ভাগ্যজনকভাৱে সাঁতোৰৰ বাবেই প্ৰয়োজনীয় এখন হাত অচল হৈ পৰিল৷
মধ্যবিত্ত পৰিয়ালৰ সাঁতোৰবিদজনৰ পৰিয়ালে চিকিৎসালয়ত চিকিৎসা কৰোৱাই অৱিনাশক সুস্থ কৰি তুলিলে যদিও অৰ্থৰ অভাৱত সুদক্ষ সাঁতোৰবিদ,প্ৰশিক্ষক গৰাকী এতিয়া নিজ বাসগৃহতেই শয্যাগত অৱস্থাত দিন অতিবাহিত কৰিবলগা হৈছে(Jamugurihat News)৷
কিয়নো অৱিনাশৰ এখন হাত বৰ্তমান সম্পূৰ্ণৰূপে অচল হৈ আছে৷ উন্নত পদ্ধতিৰ অপাৰেচনৰ জৰিয়তে অচল হাতখন সুস্থ কৰি তুলিব পৰা যাব যদিও অৰ্থৰ অভাৱতেই দিন ৰাতি পাৰ কৰিছে পৰিয়ালটিয়ে৷
ৰাজ্যৰ দৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ সুদক্ষ সাঁতোৰবিদ তথা প্ৰশিক্ষক অৱিনাশ তালুৰদাৰৰ লগতে দুৰ্ভগীয়া মাতৃৰ কাতৰ অনুৰোধ অৱিনাশক সুস্থ কৰি তোলা দিশত মুখ্যমন্ত্ৰীয়ে সহায় কৰক ৷ অৰ্থৰ অভাৱত যাতে সুদক্ষ সাঁতোৰ খেলুৱৈগৰাকীৰ দুচকুৰে নিগৰিত এই চকুলো যাতে বন্ধ হঁওক তাৰ বাবে চিকিৎসাজনীত দিশৰ ক্ষেত্ৰত আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত৷
ৰাইজৰ কিঞ্চিত সহায়েও হয়তো অবিনাশক দিব পাৰে এক নতুন জীৱন৷ সাঁতোৰবিদগৰাকীৰ হাতখনৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিব বিচাৰে যদি অৱিনাশ তালুদাৰৰ নামত থকা IFSC : SBIN0017210 আৰু 20272485610 একাউন্ট নম্বৰত সহায় কৰিব পাৰে৷
লগতে পঢ়ক : WATCH | Gaurav Gogoi : পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰত গৌৰব গগৈ