WATCH | Sootea News : ব্যতিক্ৰমীকৈ এজন শিক্ষকক বিদায় সম্বৰ্দ্ধনা
চতিয়া,২৩জুন : এক ব্যতিক্ৰমী ধৰণেৰে এজন এজন শিক্ষকক আজি বিদায় সম্বৰ্দ্ধনা জনোৱা হ’ল উত্তৰ চতিয়াৰ চেঙামাৰীৰ ১নং গেৰেকী প্ৰাথমিক বিদ্যালয়ত ৷
অশ্ৰুশিক্ত নয়নৰে কিদৰে বিদ্যালয়ৰ সহ শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদায় সম্বৰ্দ্ধনা জনাইছে সদ্য অবসৰপ্ৰাপ্ত শিক্ষাগুৰু গৰাকীক ৷ এখেত শিক্ষক অৰুণ বৰদলৈ ৷ স্বানামধন্য এই শিক্ষক জনৰ ঘৰ উত্তৰ চতিয়াৰ বৰপামত ৷ চাকৰি কালৰ দীঘলীয়া সময় ধৰি উত্তৰ চতিয়াৰ এক নং গেৰেকী প্ৰথমিক বিদ্যালয়ত শিক্ষকতা কৰা এইজন শিক্ষক উক্ত অঞ্চলবাসীৰ বাবে এজন কৃতি শিক্ষক হোৱাৰ উপৰি সকলৰো মাজত মানৱ দৰদি হিচাপেও জনাজাত আছিল(Sootea News)৷
কিন্তু এইজন জনপ্ৰিয় শিক্ষকে যোৱা ৩০ এপ্ৰিলত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পাছত আজি এইদৰে শিক্ষক গৰাকীক সকলোৱে আদৰি আনি বিদ্যালয় খনত আয়োজন কৰা এক ৰাজহুৱা বিদায় সভা।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন