Local, Vocal, Global

WATCH | Goreswar News: গোৰেশ্বৰৰ মহৰীপাৰাৰ এটা ভৱনে বিলাইছে সমন্বয়ৰ বাৰ্তা

গোৰেশ্বৰ,২২জুন : মহৰীপাৰাৰ উত্তৰ বেতনা সমন্বয় সাহিত্য সভাৰ ভৱনে দিছে সন্বয়ৰ বাৰ্তা । কিয়নো এই ভৱনটোতে আছে উত্তৰ বেতনা সাহিত্য সভা আৰু উত্তৰ বেতনা প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ কাৰ্যালয়। বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়োৱে দিয়া ১.৫(ডেৰ) কোটি টকাৰে মহৰীপাৰাত একেখন চালিৰ তলতে নিৰ্মাণ কৰা হৈছে দুটাকৈ পৃথক সাহিত্য সভাৰ কাৰ্যালয়(Goreswar News)।

এই ভৱনতে আজি এখন সংবাদ মেলত এই কথা সদৰি কৰে উত্তৰ বেতনা সমন্বয় সাহিত্য সভাৰ সভাপতি বৰুৱাকান্ত ব্ৰহ্ম আৰু সম্পাদক মাধৱ চন্দ্ৰ কলিতাই। সভাপতি সম্পাদকে এটা ভৱনতে থকা এই দুটা কাৰ্যালয়ে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে বুলি উল্লেখ কৰে । লগতে এই ভৱনটো নিৰ্মাণৰ বাবে আৰ্থিক অনুদান দিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োক কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰৰ মহৰিপাৰাত বিদ্যালয় চৌহদৰ দেৱাল নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ