Local, Vocal, Global

WATCH | Sensational incident : খেৰণিৰ মাজত উদ্ধাৰ মহিলাৰ মৃতদেহ

জামুগুৰিহাট,২২জুন : জামুগুৰিহাটৰ থুলটিকাত পুৱা উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। খেৰণিৰ মাজত উদ্ধাৰ কৰা হয় মৃতদেহটো ।

উদ্ধাৰ হোৱা মৃতদেহটো গাঁৱখনৰ দুটি সন্তানৰ মাতৃ শুৰধনি দেৱীৰ ( ২৮) বুলি চিনাক্ত কৰা হৈছে(Sensational incident)।

জানিব পৰা মতে, নিশা ১মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল শুৰধনি দেৱী নামৰ মহিলাগৰাকী আৰু পুৱাই খেৰণিৰ মাজত উদ্ধাৰ হয় মৃতদেহ।

মহিলা গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। উল্লেখ্য যে তিনি বছৰ পূৰ্বে মহিলা গৰাকীৰ স্বামী মন বচনেটৰ মৃত্যু হৈছিল।জামুগুৰি আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজিত দুদিনীয়াকৈ আয়োজন বিষ্ণু ৰাভা দিৱস