Local, Vocal, Global

WATCH | International Yoga Day : ৰঙাপৰাত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে চাৰি গৰাকী যোগ প্ৰশিক্ষক সম্বৰ্ধনা জ্ঞাপন

জামুগুৰিহাট,২১জুন : প্ৰতি বছৰৰ দৰে এইবেলিও শোণিতপুৰৰ ৰঙাপৰাত পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। ৰঙাপৰা আগৰৱালাৰ সমিতিৰ ভৱনত ‘কেয়াৰ লুইত’ৰ উদ্যোগত ৰঙাপৰা সমন্বয় সমিতিৰ সৌজন্যত আৰু মাৰোৱাৰী সন্মিলন ৰঙাপৰা শাখাৰ সহযোগত এইবাৰ একাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসটি পালন কৰা হয়।

যোগাসানৰ প্ৰাকক্ষণত একাদশ সংখ্যক যোগ দিৱসৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ৰঙাপৰা পৌৰসভাৰ পৌৰপতি হৰি সাধন দাসে। তাৰ পাছতে তেজপুৰৰ মুখ্য প্ৰশিক্ষক পংকজ প্ৰতীম বৰা আৰু স্বপন দত্ত, মিটু দেৱ আৰু অংকিতা বসুমতাৰীক উদ্যোক্তাসকলে ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি পাঁচ হেজাৰ টকাৰ একোখনকৈ চেক আৰু মান পত্ৰ প্ৰদান কৰে(International Yoga Day)।

যোগ দিৱসত প্ৰায় ২২৫ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে প্ৰতিজন ব্যক্তি মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি বিভিন্ন ৰোগৰ পৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত সজাগ কৰাটো হৈছে যোগ দিৱসৰ মূল উদ্দেশ্য।

উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱসৰ উদযাপন আৰম্ভ হৈছিল। ২০১৫ চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব যোগ দিৱসটি উদযাপন কৰা হৈছিল।

লগতে পঢ়ক :WATCH | International Yoga Day : জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত পালন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস