Local, Vocal, Global

WATCH | International Yoga Day : জামুগুৰিহাটৰ ধলাইবিলৰ চেন্ট থমাছ ইংলিছ স্কুলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

জামুগুৰিহাট,২১জুন : আজি হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ।প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। বিশ্ব যোগ দিৱসৰ লক্ষ্য হৈছে মানুহক যোগৰ বিষয়ে সজাগ কৰা(International Yoga Day)।শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাসন উপকাৰী।যোগাভ্যাসে শৰীৰক ৰোগমুক্ত কৰি ৰাখে।

জামুগুৰিহাটৰ ধলাইবিলৰ চেন্ট থমাছ ইংলিছ স্কুলত আজি একাদশ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।

এই যোগ দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে যোগ প্ৰণায়মত ব্যস্ত হৈ পৰা দেখা যায় ।বিদ্যালয় খনৰ শিক্ষয়িত্ৰী ফ্লৰা ডিং দঙে ছাত্ৰ ছাত্ৰী সকলক যোগাসনৰ প্ৰশিক্ষন প্ৰদান কৰে৷ চেন্ট থমাছ ইংলিছ স্কুলৰ প্ৰধান শিক্ষক চুচিল জন চৰেনে কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি আন্তৰাষ্ট্ৰীয় যোগদিৱস সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে৷

লগতে পঢ়ক : WATCH | Cattle Smuggling : চাপৰৰ পুঠিমাৰীত নিশা উত্তপ্ত পৰিস্থিতি