Watch | Bishnu Prasad Rabha death Anniversary: মহান শিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী
অভয়াপুৰী: অসমীয়া ভাষা , সাহিত্য, সংস্কৃতিক চহকী কৰি যোৱা স্বনামধন্য শিল্পী, সাহিত্যিক, কবি, নাট্যকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী । বিষ্ণুপ্ৰসাদ ৰাভা আছিল একাধিকাৰে এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু । ছাত্ৰাৱস্থাত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰিছিল । পৰৱৰ্তী সময়ত বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে ৷ সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল । তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে তেওঁক ‘কলাগুৰু’ বুলি অভিহিত কৰা হৈছিল ।
বিষ্ণুপ্ৰসাদ ৰাভা কলা- সংস্কৃতিৰ লগত জড়িত থকাৰ লগতে তেওঁৰ ভিতৰত এটা বৈপ্লৱিক সত্তাও আছিল । এসময়ত বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈও আহিছিল তেওঁ । সমাজ ব্যৱস্থাৰ ওপৰত সৃষ্টি কৰিছিল বহু গীত-কবিতা ।
জ্বলোৱা সাগ্নিক
তপ-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰ দেউলত
জ্ঞানৰ বন্তিৰ
আলোকৰে শিখা
উঠক নাচি…
সমগ্র ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো পালন কৰা হয় সৈনিক শিল্পী গৰাকীৰ স্মৃতি দিৱস। অভয়াপুৰী জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে স্মৰন কৰা হয় কলাগুৰু গৰাকীক। বন্তি প্ৰজ্বলন , ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰা হয় সৈনিক শিল্পী গৰাকীক।