Local, Vocal, Global

Watch : Young man from Rongiya goes missing: সন্ধানহীন হৈ আছে ৰঙিয়াৰ এজন যুৱক

ৰঙিয়া: বিগত ছয় দিনে ধৰি সন্ধান নাই ৰঙিয়া সীতাৰাৰ উদীয়মান যুৱক সীমান্ত ডেকাৰ যাৰ বাবে এনেদৰে শোকত ভাগি পৰিছে দূৰ্ভগীয়া মাতৃ।

ৰঙিয়া মূৰৰাৰ এটি ব্যাক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল সীমান্ত। অইন দিনাৰ দৰে শনিবাৰেও সীমান্ত উলাই গৈছিল নিজ কৰ্মস্থলীলৈ কিন্তু অফিচাৰ কিছু জৰুৰী কামৰ বাবে তেওঁ যাব লগা হৈছিল গুৱাহাটীলৈ আৰু সেই দিন ধৰি আজিলৈ কোনো ধৰণৰ সন্ধান নাই সীমান্তৰ।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও পুত্ৰৰ কোনো সন্ধান উলিযাব নোৱাৰি অৱশেষত ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

কিন্তু পৰিতাপৰ বিষয় এই যে আজি ছয় দিন উকলি যোৱাৰ পিছতো যুৱক জনৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষীয়ে যাক লৈ পৰিয়ালটোৰ মাজলৈ নামি আহিছে ঘোৰ অমানিশা। যুৱকজন‌ কোনো দুষ্ট চক্ৰৰ কৱলত পৰি সন্ধানহীন‌‌ হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

আনহাতে, সন্ধানহীন সীমান্তৰ ফোনৰ অন্তিম লোকেচন কামাখ্যা ষ্টেচনত পোৱা গৈছে বুলি সদৰি কৰে পৰিয়ালৰ লোকে।আনহাতে যদি কোনো সদাশয়‌ ব্যাক্তিয়ে সীমান্ত ডেকাৰ সন্ধান‌ লাভ কৰে তেন্তে ৮৭২৩৮৪০৫৬৩ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ মাতৃয়ে।