WATCH | African swine fever : মঙলদৈত গাহৰিৰ দেহত ধৰা পৰে আফ্ৰিকান ছোৱাইন ফিভাৰ

মঙলদৈ,১৯জুন : মঙলদৈ কবিকাৰাত গাহৰিৰ দেহত ধৰা পৰে আফ্ৰিকান ছোৱাইন ফিভাৰ।
মঙলদৈৰ কবিকাৰা, কমাৰপাৰা অঞ্চলৰ কেইবাগৰাকীও গাহৰি পালকৰ ফাৰ্মত অভিযান পশু চিকিৎসা বিভাগৰ।
বৃহস্পতিবাৰে কবিকাৰাত প্ৰায় ৬০ টা গাহৰি নিধন কৰে বিভাগে। গাহৰি পালকৰ উপস্থিতিত দুখনকৈ গাহৰি ফাৰ্মত থকা এইসমূহ গাহৰি বিভাগীয়ভাৱে মাৰি পেলোৱা হয়।কিছুদিনপূৰ্বে কমাৰপাৰাটো নিধন কৰা হৈছিল প্ৰায় ১৩০ টাকৈ গাহৰি(African swine fever)।
ইয়াৰোপৰি আন ঠাই সমূহতো চলাই যাব অভিযান। যি অঞ্চলয় গাহৰিত এই ৰোগে দেখা দিছে সেই অঞ্চলৰ পৰা ১০ কিলোমিটাৰ দূৰলৈ গাহৰি বিক্ৰী বন্ধ ৰখাৰ বাবে বিভাগে নিৰ্দেশনা দিছে।
এই অনুসৰি পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত মঙলদৈৰ বঙলাগড় বজাৰত বিক্ৰী কৰিব নোৱাৰিব গাহৰিৰ মাংস।
লগতে পঢ়ক :WATCH | Boat Carrying Schoolchildren Capsizes : নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা