WATCH | Udalguri News : ওদালগুৰিত আমছুৰ তীব্ৰ প্ৰতিবাদ
ওদালগুৰি,১৯জুন : ওদালগুৰিত আমছুৰ তীব্ৰ প্ৰতিবাদ। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ লগতে ওদালগুৰিতো আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট।
ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সম্মুখত ওদালগুৰি জিলা আমছুই সাব্যস্ত কৰে এই প্ৰতিবাদ।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত সাব্যস্ত কৰে আমছুই(Udalguri News)।
অমানৱীয় উচ্ছেদ বন্ধ কৰক, ভূমিহীনক ভূমি প্ৰদান কৰক,উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰক।বাছি বাছি উচ্ছেদ বন্ধ কৰকআদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। অনাগত দিনত সংখ্যালঘু লোকক অত্যাচাৰ বন্ধ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তোলাৰ হুংকাৰ আমছুৰ।
লগতে পঢ়ক : WATCH | Cachar News : কাছাৰৰ কালাইন-শিলচৰ সংযোগী হাৰং দলং ভাঙি যোৱাৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা