Local, Vocal, Global

WATCH | Teok News : কাকজানত মুকলি হ’ল ট্বাম ৱেলনেছ নামেৰে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ

টীয়ক,১৯জুন : কাকজানৰ বনগাঁও তিনি আলিৰ সমীপত মুকলি হ’ল ট্বাম ৱেলনেছ নামেৰে এক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ। য’ত কাকজান অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ চিকিৎসা পৰীক্ষা কেন্দ্ৰটিত হিমগ্লবিন,ইছিজি, থাইৰয়ড,ক্ললেস্টৰেল,প্ৰস্বাৱ,বৃক্ক বিভিন্ন পৰীক্ষ,তেজৰ বিভিন্ন পৰীক্ষা,ৰক্তচাপকে ধৰি বিভিন্ন পৰীক্ষা উপলব্ধ হ’ব স্বাস্থ্য পৰীক্ষা কেন্দ্ৰটিত(Teok News)।

ট্বাম ৱেলনেছৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা হৰেন হাজৰিকা,পঞ্জাৱ নেছনেল বেংকৰ শাখা পৰিচালক ৰমনী মোহন শৰ্মাই ফিতা কাটি শুভাৰম্ভণি কৰা লগতে প্ৰতিষ্ঠান খনৰ গৰাকী মৌচুমী বৰুৱা কে প্ৰমুখ্যে কৰি বহু কেইজন স্বাস্থ্য কৰ্মী উপস্থিত থাকি শুভাৰম্ভণি কৰে।

উল্লেখ্য যে, এই পৰীক্ষা কেন্দ্ৰটি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ সেৱা আগবঢ়োৱাৰ লগতে দেওবাৰে বন্ধ থাকিব । তিনি গৰাকীকে কৰ্মচাৰী থকা চিকিৎসা পৰীক্ষা কেন্দ্ৰটিত কিবা যোগাযোগ কৰিব বিচাৰিলে 7896502177 বা ‌9864637398 নম্বৰত যোগাযোগ কৰিব পাৰিব।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত চি এম ভিজিলেন্সৰ অভিযান