Local, Vocal, Global

WATCH | Illicit love affair: স্বামীক গাখীৰ ল’ব পঠিয়াই ঘৰৰপৰা নোহোৱা হ’ল সুন্দৰী পত্নী

বকো,১৮জুন : স্বামীক গাখীৰ ল’ব পঠিয়াই ঘৰৰপৰা নোহোৱা হ’ল সুন্দৰী পত্নী। বাইক নহয়, চাইকেল লৈ যোৱা, পত্নীয়ে কোৱা কথা শুনি চাইকেল লৈ গ’ল গাখীৰ আনিবলৈ । আহি দেখে ঘৰত পত্নী নাই । নাই মানে ক’তো নাই।

হয়… ৰাজ্যত পুনৰ নোহোৱা হ’ল এগৰাকী সুন্দৰী বোৱাৰী। পিছত ফোন কৰি ক’লে মই আহিলো, মানে একেবাৰে আহিলো, চিন্তা নকৰিবা তুমি। সুন্দৰী পত্নীৰ এই মাত শুনাৰ লগে লগেই হতভম্ব হৈ পৰিল স্বামী। এই ঘটনা হৈছে বকোৰ মৈৰাচৰা গাঁৱত(Illicit love affair)।

অভিযোগ স্বামী নথকাত মনে মনে ফোন লগাই পত্নীয়ে কোনোবা জনলৈ।‌ ঘৰৰ পৰা স্বামী ওলাই গ’লে সুন্দুৰী বোৱাৰীয়ে হেনো কথা পাতে কোনোবাৰ লগত। এতিয়া সুন্দৰী পত্নী শ্ৰদ্ধাঞ্জলিক বিচাৰি হাহাকাৰ কৰিছে পৱিত্ৰই।

১২ বছৰীয়া কণমানি জীয়ৰীক এৰি ক’লৈ গ’ল শ্ৰদ্ধাঞ্জলি। কিন্তু এতিয়া পত্নী ক’লৈ গ’ল তাৰো পোৱা নাই সন্ধান। সেয়ে, এতিয়া পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত স্বামীয়ে মন্দিৰা আৰক্ষী চকীত দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ। এগৰাকী সন্তানৰ মাতৃ শ্ৰদ্ধাঞ্জলি সন্ধানহীন হৈ থকাত বিৰাজ কৰিছে চাঞ্চল্য।পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকৰ।

লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰত চিকিৎসা সেৱাৰ নামত ভেকোভাওনা