Local, Vocal, Global

WATCH | Youth Goes Missing : ৯ জুনৰ পৰা সন্ধানহীন মঙলদৈৰ জিন্টু মনি নাথ

মঙলদৈ,১৮জুন : মঙলদৈৰ যুৱক নিৰুদ্দেশ। ৯ জুনৰ পৰা সন্ধানহীন জিন্টু মনি নাথৰ যুৱকজন। লগৰীয়াৰ সৈতে কামৰ সন্ধানত গুৱাহাটীলৈ আহিছিল জিন্টু।অহাৰ দিনাৰ পৰাই সন্ধান নাই জিন্টুমনিৰ।

আজি ৯/১০ দিনৰ পিছতো জিন্টুৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই ঘৰৰ পৰিয়ালে। যোগাযোগৰ মাধ্যম একমাত্ৰ মোবাইল ফোনটো হৈ আছে বন্ধ। সেয়েহে দিশহাৰা হৈ মাক জয়ন্তী নাথে কাষ চাপিচে আৰক্ষীৰ(Youth Goes Missing)।

ঘটনা অনুসৰি ৯ জুনত ছিপাঝাৰ কদমতলীৰ ভাস্কৰ নাথ নামৰ বন্ধু এজনৰ লগত গুৱাহাটী লৈ কামৰ সন্ধানত গৈছিল যদিও জিন্টু আৰু ভাস্কৰৰ কোনো ধৰণৰ যোগাযোগ নাই পৰিয়ালৰ সৈতে। জয়ন্তী নাথৰ লগতে অঞ্চল বাসী এতিয়া উৎকণ্ঠাত কটাইছে দিন। ছমাহ পুৰ্বে জিণ্টোৰ পিতৃৰ মৃত্যুৰ হৈছিল। পিছত পৰিয়াল টোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল জিন্টূ মনি নাথ।
ইতিমধ্যে মাতৃয়ে পুত্ৰৰ নিৰুদ্দেশ সম্পৰ্কত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক : WATCH | Sensational incident : পুনৰ অবৈধ প্ৰেমক লৈ লংকাকাণ্ড হাজোৰ পানীখাইতিত