Local, Vocal, Global

WATCH | Tragic incident : মেৰেৰচৰ আৰক্ষী থানাত চীফ লৈ আত্মহত্যা আৰক্ষীৰ

বঙাইগাঁও,১৮জুন : বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাত মৰ্মান্তিক ঘটনা। নিশা চীফ লৈ আত্মহত্যা আৰক্ষীৰ। বুদ্ধেশ্বৰ ৰয় নামৰ আৰক্ষী কনিষ্টবল থানাৰ কোৱাৰ্টাৰ পিছফালে চীপ লৈ আত্মহত্যা।

কাহিলী পুৱাতেই আন এজন আৰক্ষীয়ে চীপলৈ থকা প্ৰত্যক্ষ কৰে। দুগৰাকী কন্যা সন্তানৰ পিতৃ এইজন আৰক্ষী কনিষ্টবল মৃত্যুত মেৰেৰচৰ আৰক্ষী থানাৰ লগতে বৃহত্তৰ অঞ্চলজুৰি এক শোকৰ ছাঁ বিৰাজ কৰিছে(Tragic incident)।

২০০৬ চনত চাকৰিত যোগদান কৰা আৰক্ষী কনিষ্টবল জনৰ ঘৰ বঙাইগাঁও থানাৰ অন্তৰ্গত গাৰুগাঁৱ বুলি জানিব পৰা গৈছে। কি কাৰণত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটৰ বাইপাছত উদ্ধাৰ এগৰাকী কিশোৰী