WATCH | Barpeta News : চেঙা সমষ্টিৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত সংবাদমেল
বৰপেটা,১৮জুন : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আটাইতকৈ বেছি গুৰুতৰ সমস্যা হিচাপে চিহ্নিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত মঙলবাৰে চেঙাত এক সংবাদমেল সম্বোধন কৰে পদ্মপাৰা এডুকেশ্বনেল ডেভেলপমেন্ট চছাইটি চমুকৈ পেডচে।
বছৰ বছৰ ধৰি চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰ, ৰৌমাৰী গাঁও, চেনিমাৰী ,বান্দালী, বহৰিকে ধৰি বিভিন্ন গাঁও গৰাখহনীয়াৰ কবলত পৰি আহিছে। শ শ কৃষিভূমিকে ধৰি বহুতৰে বাসগৃহ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ইতিমধ্যেই জাহ গৈছে(Barpeta News)।
পেডচৰ সভাপতি শ্বাকিল ইনজামামুল হকে সংবাদ মেল সম্বোধন কৰি চেঙা সমষ্টিৰ গৰাখহনীয়াই সৃষ্টি কৰা ভয়াবহ পৰিস্থিতি বিষয়ে উল্লেখ কৰে। সংবাদমেলত স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনকো তীব্ৰ সমালোচনা কৰে শ্বাকিল ইনজামামুল হকে।
গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক বৈতৰণী পাৰ হোৱা বিধায়ক আশ্ৰাফুল হুছেইনে গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংবাদমেল যোগে।
বিগত ৪০ বছৰ ধৰি কোনো বিধায়ক-মন্ত্ৰীয়ে গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে শ্বাকিল ইনজামামুল হকে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক চেঙা সমষ্টিৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সংবাদমেল যোগে আহ্বান জনাইছে।
লগতে পঢ়ক : WATCH | Sootea News : চতিয়া আৰক্ষীয়ে উৎখাত কৰিলে বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্ৰ